শিরোনাম
বৃহঃ. জানু ২২, ২০২৬

দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত অসমৰ সমূহ কৃষক সংগঠনৰ প্ৰতিবাদ

দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত অসমতো কৃষক সংগঠন সমূহ একত্ৰিত হৈছে। বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বাবে মহানগৰীৰ ৰাজগড়ত সমবেত হ’ব ৰাজ্যৰ কৃষক সংগঠন সমূহ।

কৃষক সহাসভা অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি, বাওঁদলৰ কৃষক সংগঠন সমূহে এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ৰাজগড়ত থকা পৰাগ দাস স্মৃতি ক্ষেত্ৰৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহন কৰিব। এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষী – চিআৰপিএফৰ বৃহত দলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়িবলৈ পোৱা যায়।

দিল্লীত হোৱা এই কৃষক বিদ্ৰোহৰ কোনো সমাধান ওলোৱা নাই । কেন্দ্ৰীয় চৰকাৰে কৃষক সংগঠনৰ সৈতে প্ৰথমলানি বৈঠকত মিলিত হৈছিল যদিও কৃষক সংগঠন সমূহৰ নেতৃত্বই অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়তো অধ্যয়ন কৰিবলৈ এখন ৫ জনীয়া কমিটি গঠনৰ পৰামৰ্শ দিছে।

এই প্ৰস্তাৱ অগ্ৰাহ্য কৰি কৃষক প্ৰতিনিধিয়ে প্ৰথম লানি বৈঠকত কগোনো সমাধান সূত্ৰ নলোৱাত দ্বিতীয় বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাবনা আছে । উল্লেখযোগ্য যে প্ৰথম বৈঠকত তিনিজন মন্ত্ৰীয়ে অংশ লৈছিল। সিন্দু সীমান্ত বৰ্তী অঞ্চলত এই কৃষক আন্দোলনৰ নেতৃত্বই বুধবাৰৰ পুৱাৰ পৰা আন এক বৈঠকত মিলিত হয়।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *