শিরোনাম
শনি. জানু ৩, ২০২৬

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বান বিভিষীকা, চৰকাৰী ৱেবচাইটত নাই আক্ৰান্তৰ প্ৰকৃত তথ্য

হামাৰী কোৰোনাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ। খাদ্য আৰু আশ্ৰয় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।পাছে বানাক্ৰান্তৰ প্ৰকৃত হিচাপ দিছেনে ৰাজ্য চৰকাৰে ?তথ্য অনুসৰি এতিয়ালৈকে সমগ্ৰ ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৯৩ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩২১৮ খন গাঁৱৰ ৩৯,৭৯,৫৬৩জন লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৩১,৩৬৮,২৭ হেক্টৰ কৃষি ভূমি বানত ক্ষতি গ্ৰস্ত হৈছে। বানত সৰ্বাধিক আক্ৰান্ত হৈছে ধুবুৰী জিলা।

জিলাখনৰ মুঠ ৫৫৮খন ৰাজহ গাঁও বানত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ চৰকাৰী ৱেবচাইটত প্ৰকাশ হৈছে এই তথ্য। চৰকাৰী ৱেবচাইটোত প্ৰকাশ পোৱা অনুসৰি এইবাৰ বানত পশ্চিম কাৰ্বি আংলঙৰ ২২৪ টা আৰু দৰং জিলাৰ মুঠ ২০ টা ঘৰ হে ক্ষতিগ্ৰস্ত হৈছে। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ বানত উত্তৰ লখিমপুৰ, চেঙা, মাটিয়া আৰু মায়ঙৰ মাত্ৰ পাঁচ জন লোকৰ মৃত্যু হৈছে।

কিন্তু আন এক সুত্ৰত প্ৰকাশ পোৱা অনুসৰি বানত মৃত্যুৰ এই সংখ্যা ৭৭জন। কিন্তু এই তথ্যৰ গ্ৰহণযোগ্যতা কিমান? কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে এইবাৰ বানত মুঠ ৮০ জন লোকৰ মৃত্যু হৈছে। আনহাতে বেচৰকাৰী তথ্যমতে এই সংখ্যা প্ৰায় ৯০ জন।

এতিয়া প্ৰশ্ন হয়, বানত আক্ৰান্ত সকলৰ তথ্যকলৈ ইমান বিভ্ৰান্তি কিয়? কিয় ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় সুত্ৰৰ তথ্যৰ কোনো মিল নাই। দুৰ্যোগ প্ৰশমন বিভাগে বানত ক্ষতিগ্ৰস্ত গৃহৰ সংখ্যা পশ্চিম কাৰ্বি আংলং আৰু দৰং জিলাৰ মুঠ ২৪৪টাৰ তথ্য প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃতাৰ্থত সঁচাকৈয়ে সমগ্ৰ ৰাজ্যৰ মাত্ৰ ২৪৪টা গৃহহে ক্ষতিগ্ৰস্ত হৈছেনে? আনহাতে বানত মৃত্যু হোৱা জন্তুৰ প্ৰকৃত তালিকাও প্ৰকাশ কৰা নাই বিভাগটোৱে। দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ২৭ খন জিলাত বানত মৃত্যু হোৱা জন্তুৰ সংখ্যা শূণ্য।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *