শিরোনাম
বৃহঃ. জানু ২২, ২০২৬

কৰ’নাৰ সকাহত ভোগালী বিহু উলহ-মালহেৰে

দক্ষিণ যোৰহাট: বিগত বৰ্ষত কা-কেব-কৰ’নাৰ প্ৰভাৱত একো উৎসৱ তথা অন্যান্য অনুষ্ঠান পালন কৰিব পৰা নাছিল সমাজপ্ৰিয়, সংস্কৃতিবান আদি লোকে। এইবছৰ মুক্তপ্ৰায় হোৱাত অসমীয়া কৃষ্টি ভোগালী বিহু উলহ-মালহেৰে উদযাপন কৰে। দীৰ্ঘদিন হেঁচি ৰখা আনন্দ হেঁপাহ পলুৱাই মুকলি কৰে। দক্ষিণ যোৰহাটৰ উজনি তিমতিমীয়া গাঁৱৰ চৰ্দাৰ আলি সমীপৰ পূৰ্বৰ পৰা চলি অহা পৰম্পৰাগত ভোগালী বিহুও এইবাৰ উল্লাহেৰে উদযাপন কৰে। চুবুৰীয়াই তৃপ্তিৰে প্ৰীতি ভোজ খায়। কৰ’না মহামাৰী ইমানতে নিৰ্মূল হোৱাৰ প্ৰাৰ্থনা জনায়। বায়ন কিৰণ গগৈয়ে পুৱা মেজিত অগ্নি সংযোগ কৰে।

ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈ, আত্মপ্ৰকাশ পত্ৰিকাৰ সম্পাদক বিনোদ গগৈ, আত্মপ্ৰকাশ দৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী সংগীতা গগৈ, ইন্দ্ৰানী গগৈ, অংকুৰ কৃষ্টি কছাৰী, প্ৰাক্তন সৈনিক প্ৰভাত বৰুৱাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আয়োজনত শান্তনু গগৈ, লক্ষীন্দ্ৰ গগৈ, কুশল গগৈ, উমাকান্ত বৰুৱা, নিপুল গগৈ আদিয়ে অৰিহণা যোগায়। আপ্যায়নত নিভা বৰুৱা, লীনা গগৈ, পাপৰি গগৈ, সোনমণি বৰুৱা, বিনু বৰুৱা, হীৰা গগৈ, সুবৰ্ণ গগৈসহ মহিলাসকলে সেৱা ধৰে। অসূয়া-অপ্ৰীতি বিনাশেৰে শান্তি-সমৃদ্ধি বৃদ্ধি বাঞ্ছিত মেজি পৰম্পৰাই পুনৰ এক নৱ মাত্ৰা আনে গাঁৱৰ পৰিৱেশলৈ।

সম্পর্কিত পোস্ট

Leave a Reply

Your email address will not be published. Required fields are marked *