- ৰাজ্যত পুনৰ সহস্ৰাধিক লোক আক্ৰান্ত কোভিড-১৯ত।
- শুকুৰবাৰে অসমত ১১৩০জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ৪১৭জন গুৱাহাটীৰ আৰু ১০৪জন কাছাৰৰ।
- অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯৯২১জনলৈ পাইছে বৃদ্ধি।
- ইফালে, সুস্থ হৈ উঠিছে ২০,৬৯৯জন লোক।
- আনহাতে, বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৯১৪৩জন ৰোগী।
- উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬জনলৈ পাইছে বৃদ্ধি।
ৰাজ্যত পুনৰ ১১৩০ জনৰ দেহত কোভিড-১৯

